Assamese Poem For Father - Fathers Day Assamese Poem

Best Assamese Poem For father| Assamese Poetry

Assamese Poem For Father - Fathers Day Assamese Poem

বেলিটিলৈ প্ৰাৰ্থনা

দেউতা শুই আছে, 
নিজৰ অভিমান বৰচাঙত তুলি থৈ,
আৰু কিছুপৰ তয়ো তমসাৰ কোলাত শুই থাক 
বেলি।
তই এতিয়াই নোলাবি ।
দেউতাৰ ভৰিৰ কঁটা ঘাঁ
শুকোৱা নাই এতিয়াও,
যঁতন লবলৈও গৈছে পাহৰি,
পথাৰত ধানে পোৱা নাই পানী
তাৰেই চিন্তাত মগন দেউতা।
দেহে কান্দিছে বাৰে বাৰে
দেহৰ কান্দোন শুনিবলৈও
নাই আহৰি।
তই এতিয়াই নোলাবি ।
দেউতাই হয়তো দেখিছে সোণালী স্বপ্ন।
স্বপ্নকাননত ফুলি থকা 
আশাৰ কলিটি 
হয়তো মৰহি যাব দিয়া নাই।
ৰুগ্ন শৰীৰৰ কেঁচা বিষবোৰ 
আতৰাই থৈ,
স্বপ্নকাননৰ বাটটিও থৈছে সাৰি,
দেউতাৰ আশা,
হয়তো কাঢ়িব খোজ এদিন
শান্তিৰ বাকৰিত
সুখৰ  সৈতে হাতে হাত ধৰি।
৪ বাজিবৰ হ'ল
দেউতা শুই আছে,
হয়তো দুখ যন্ত্ৰণাৰ গৰল 
নাই হোৱা হজম।
তই এতিয়াই নোলাবি বেলি
তোৰ পোহৰে থানবান কৰিব,
দেউতাই সজা
স্বপ্নৰ কুঞ্জকানন।

কুলজিৎ বৰ্মন, বাক্সা জিলা
বেবেৰিবাং

Also Read

Post a Comment