Assamese Poem For Woman | Nari Bisoye Assamese Kobita

Assamese Poem For Woman

Assamese Poem For Woman | Nari Bisoye Assamese Kobita

নাৰীৰ ভাষাৰে Assamese Poem For Woman 1

সময়ে মোক আশ্বাস দিছিল এই বুলি,,,,,
বানৰ ধ্বংসলীলাৰ পাছতো
উটি অহা পলসে 
সাৰুৱা কৰে মাটি,,,
সেই আশ্বাসক সাৱটি লৈ
বাট চাই ৰৈছো শান্তিলৈ,,,,
কিন্তু প্ৰতীক্ষাৰ নামত সহিলো মাঁথো
বাস্তৱতাৰ অত্যাচাৰ।
মই শিকা নাছিলোঁ
নাৰী জীৱনৰ সংজ্ঞা ,,,,
তাত লিখা আছিল নেকি
নাৰী কৰ্মই হ'ল সহনশীলতা।
সৰুতে কান্ধত তুলি লোৱা
সপোনৰ বোজাটি
জীৱনৰ কোনোবাটো পথত পৰি ৰ'ল,
উভতি চাই দেখিলোঁ,
সপোনবোৰে মোলৈ চাই
 চিঞৰিছে
প্ৰৱঞ্চক বুলি।
বন্দীত্বৰ শিকলি মই কেতিয়াও পিন্ধা নাছিলোঁ,
কিন্তু মনে বিচাৰিছিল মুক্তি,
স্বাধীনতাৰ অধিকাৰ,
কিন্তু নাৰীৰ স্বাধীনতাৰ অস্তিত্ব
তুলাৰ দৰে,
চৌদিশৰ বা লাগি 
উৰি যায়
নিমিষতে।
দায়িত্বই মোক যন্ত্ৰলৈ ৰূপান্তৰ কৰিলে,
কিন্তু মই জনা নাছিলো
যন্ত্ৰই ও যে অনুভৱ কৰে
ব্যৰ্থতাৰ যন্ত্ৰণা।


কুলজিৎ বৰ্মন,
বাক্সা জিলা

 হায় সময় Assamese Poem For Woman 2

কোনেনো কয়
বগা বোলে শান্তিৰ বৰণ!
মইটো দেখা নাই 
বিধৱাৰ বগা পোচাকত
শান্তিৰ আলয়।

দেখিছো মাঁথো সময়ৰ অৰাজকতা,
পোচাকযোৰেই দেখাই কৰি দিয়ে
নিসংগতাৰ ঠিকনা।
বগা পোচাকযোৰে
কেতিয়াও ভাবি নাচায়
        কোন সেয়া!!!
        বুঢ়ী কিম্বা গাভৰু তিৰোতা!!!
        মাথো লাগে তাক 
        নাৰীৰ আলিংগন,
        যাতে মনত সুমুৱাই দিব পাৰে
       স্বপ্ন ভঙাৰ বেদনা।
পোচাকযোৰৰ
আঁহে আঁহে
লুকাই আছে
কাৰোবাক হেৰোৱাৰ যন্ত্ৰণা।
স্মৃতিৰ বোকোচাত  সাঁচি ৰখা 
ক্ষোভৰ বা লাগি
উৰে বাৰে বাৰে বগাচাদৰ,
হায় সময়,
মানুহে কয় আকৌ
বগা বোলে শান্তিৰ বৰণ।।। 


●কুলজিৎ বৰ্মন, বাক্সা জিলা

বিধবাৰ জীৱনগাঁথা Assamese Poem For Woman 3

শিৰৰ সেন্দুৰকণে যিদিনা মোক এৰা দিছিল                                             

 .  সেইদিনাই সমাজৰ চকুত পিন্ধি লৈছিলো বিধবাৰ মালাধাৰী।

      সমাজে সেইদিনা শিৰৰ সেন্দুৰকণ মোহাৰি

দেহত পিন্ধাই দিছিল ফটফটীয়া বগা সাজযোৰ।

     উকা কপালখন, বগা সাজযোৰেই হৈ পৰিছিল

মোৰ বিধবা জীৱনৰ প্ৰথম পৰিচয়।


মোৰ শিৰত সেইদিনাই সমাজে পিন্ধাই দিছিল  

কুলক্ষণীৰ গঢ়ুৰ মুকুট টো।

যাৰ বোজা প্ৰতিক্ষণে কঢ়িয়াই কঢ়িয়াই মই

      অৱস হৈ পৰিছোঁ!


যাত্ৰা পথত এটি নিভাঁজ হাঁহিৰে 

    মৰমৰ এষাৰি মাত দিয়া গৰাকীয়ে 

আজি মোক দেখিলে

    কেটেৰা-জেঙেৰাৰে থকা-সৰকা কৰে!

কাৰণ মই যে বিধবা!

    ৰঙীন সপোনৰ আশা কৰাটো মোৰ অপৰাধ,

উচ্চস্বৰত এটি হাঁহি মৰাটোও মোৰ বাবে অপৰাধ।


বৈধব্যৰ জীয়া যন্ত্ৰনাৰ জুয়ে মোক

    ক্ৰমশঃ ছাঁই কৰি পেলাইছে।

গভীৰ নিশা শেতেলীত পৰি

    টোপোলাটো খুলি আঙুলিৰ মুৰত হিচাপ কৰোঁ

বৈধব্য জীৱনত বিসৰ্জন দিয়া সপোনবোৰ!

 লুপ্তপায় মোৰ সপোনবোৰ বুকুত বান্ধি 

      শত শত সংগ্ৰামেৰে জৰ্জৰিত বৈধব্যৰ 

জীয়া যন্ত্ৰনাই মোক নিঃশেষ কৰি পেলাইছে!

    বৈধব্যৰ সাজযোৰ কুলুষিত হোৱাৰ ভয়ত 

সপোনবোৰ জলাঞ্জলী দি

এতিয়া ৰংবিহীন, সপোনবিহীন হৈ 

কংকালসাৰ দেহতো লৈ জীয়াব শিকিছোঁ...।

                               

ডলীপ্ৰিয়া দেৱী।

শোণিতপুৰ, অসম।

মই মোৰ ভালপোৱা মাৰ পৰা শিকিছো Assamese Poem For Woman 4


মই মোৰ ভালপোৱা মাৰ পৰা শিকিছো💓"
অ'  মই মোৰ ভালপোৱা মাৰ পৰা শিকিছো, 
সেয়েহে হয়তো প্রতাৰণা কৰিবলৈ নিশিকিলো। 
শাওণৰ পথাৰৰ প্রখৰ ৰদ'ত ঘামত জুৰুলি হৈ অৱশ হৈ আহিও 
ৰুগীয়া দেউতাৰ যতন লবলৈ অৱহেলা নকৰা মা জনীৰ পৰা মই ভালপোৱা শিকিছো। 
দেউতাৰ জীৱনলৈ অহা প্রতিটো জটিল সময়ত সাহস হৈ কাষত থিয় দিয়া 
মই মোৰ মাৰ পৰা  ভালপোৱা  শিকিছো । 
দুখতো ভাগি নপৰি সুখতো ব্যাকুল নহ'বলৈ শিকোৱা 
মই মোৰ মাৰ পৰা ভালপোৱা শিকিছো। 
মই  শিকা ভালপোৱাই 
আনক দুখ দি সুখী হ'বলৈ শিকোৱা নাই, 
সকলোকে সুখী কৰি নিজেও সুখী হ'ব শিকাইছে । 
 অ'  সেয়েহে হয়তো মই স্বাৰ্থপৰ হব নাজানিলো  ।
মই মোৰ ভালপোৱা মাৰ পৰা  শিকিছো
যি ভালপোৱাই মোক শিকাইছে, 
পৃথিৱীৰ শ্রেষ্ঠতম বস্তুটোৱেই হৈছে প্রেম ।
যি সকলো দুখ-কষ্ট আৱৰি ৰাখিব পাৰে , 
সকলোৱে কয় প্রেমে হেনো কষ্ট দিয়ে ,
সঁচাকৈয়ে  নে ? 
নহয় । 
কষ্ট দিয়ে অবজ্ঞাই,
কষ্ট দিয়ে অকলশৰীয়াই
কষ্ট দিয়ে হেৰাই যোৱাই 
কষ্ট দিয়ে প্রতাৰণাই ।
আকৌ কৈছো ,
মই মোৰ ভালপোৱা মাৰ পৰা  শিকিছো, 
মাৰ পৰা ।
যি ভালপোৱাই যুঁজিবলৈ শিকাইছে, 
হাৰিবলৈ নহয় ।
যুঁজিম নতুবা শিকিম ।।

-উপাসনা বৰা (শিৱসাগৰ)

Also Read

Post a Comment