Top 10 Assamese Romantic Poem for Love
Top 10 Assamese Romantic Poem for Love
Assamese Romantic Poem 1 হাৰ্টবীটৰ শপত
Assamese Romantic Poem 2 আপোনাৰ চহৰখনত অলপ ঠাই আছে নেকি
Romantic Poem In Assamese 3 পাগল প্ৰেমিকা
Assamese Romantic Poem On Love 4
এখন হৃদয় ধাৰে লাগিছিল Love Poem In Assamese 5
এখন হৃদয় ধাৰে লাগিছিল
দিবা নেকি কোনোবাই
বিনিময়ত দি দিম আজীৱন ভালপোৱা।
সুখেৰে সজাই তুলিম তোমাৰ জীৱনৰ
প্ৰতিটো সময়।
বিনিময়ত দিবা তুমি
এখন নিকা হৃদয়।
ভগা হৃদয়ৰ কান্দোন শুনিছানে কেতিয়াবা?
মন গ'লে শুধিবা কৈ দিম তোমাক
ভগা হৃদয়ৰ তিক্ত বেদনা।
আন ছোৱালীৰ দৰে
লিহিৰি নহয় মোৰ হাতৰ আঙুলি
আৰু চুলিতাৰিও নহয় মেঘালী।
দিবা জানো তোমাৰ নিকা হৃদয়খন
মোৰ হাতত সপি।
অকলশৰীয়া জীৱনত
এখন নিকা হৃদয়ৰ খুব প্ৰয়োজন।
ধাৰে দিবা নেকি কোনোবাই হৃদয়খন?
মোৰেই শপত সযতনে ৰাখিম
তোমাৰ কোমল হৃদয় খন।
~জেনিফাৰ চিৰিণ ইছলাম
দৰং (ছিপাঝাৰ)
বিচাৰি ফুৰাবোৰত ইমান মায়া Assamese Romantic Poem for Love 6
এবাৰ মোৰ হৈ ৰোৱা Assamese Romantic Poem for Love 7
নালাগে তুমি মোৰ আউসীৰ জোনাক হ'ব
অমাৱশ্যাৰ ৰাতিয়ে হৈ ৰোৱা।
নালাগে তুমি মোৰ দুখৰ সমভাগী হ'ব
তোমাৰ দুখবোৰেই ভগাই লম দুয়ো
মাথোঁ তুমি মোৰ হৈ ৰোৱা।
নালাগে তুমি মোক দামী উপহাৰ দিব
মৰমেৰে মাত এষাৰ দিবা
তাতেই বিছাৰি পাম মই অফুৰন্ত ভালপোৱা।
নালাগে লৈ যাব দামী ৰেস্টুৰাৰৈ
ফুটপাথৰ পৰা ভজা বুট কিনি দিবা
মই তাতেই সুখী।
নালাগে তুমি মোক অগনন প্ৰতিশ্ৰুতি দিব
মাথো আজীৱন মোৰ হৈ ৰোৱা
বিশেষ একো নালাগে মোক তোমাৰ পৰা।
জেনিফাৰ চিৰিণ ইছলাম
দৰং (ছিপাঝাৰ)
প্ৰহেলিকা Assamese Romantic Poem for Love
শ্ৰীমতী বিপাশা বৰা(বৰ্ষা)
যোৰহাট, অসম।
কেতিয়াবা কিছুমান কথা বৰ জৰুৰী হৈ পৰে।Assamese Romantic Poem for Love
কেতিয়াবা কিছুমান কথা বৰ জৰুৰী হৈ পৰে
কিছুমান শব্দ উচ্ছাৰণৰ প্ৰয়োজনীয়তা আহি পৰে। মৌনতাৰ ভাষাবোৰ কিয় আনজনে বুজিব নিবিচাৰে?
কিয় ব্যস্ততাবোৰক তেওঁ এলাগী নকৰে?
তেওঁ বুজি নাপায় এই উশাহ কেৱল তেওঁৰ বাবেই চলি আছে।
তেওঁৰ বাবে সৃষ্টিখনত এটি প্ৰাণী জীয়াই আছে।
যিদৰে তেওঁৰ এটা শব্দত তেওঁৰ মনটোক পঢ়িব পাৰো।
তেওঁ কিয় নোৱাৰে মোৰ মনটোক চুই চাব?
জীৱনটো আমাৰ নে পৃথকে পৃথকে ভগাই লোৱাৰ!
ডিয়েৰ ক্ৰাছ Assamese Romantic Poem for Love
অপেক্ষাত যথৰ মোৰ প্ৰতিটো ৰাতি।
আপোনাৰ পৰশৰ আঁতুৰ হৃদয়।
নিচাসক্ত কলিজায়ে ঠিকনা বিচাৰিব আপুনি বুলি এটি নামৰ।
আপুনিটো মোৰ ভাৱনাৰো অতীত।
তথাপিও আপুনি মোৰ মুখৰ ধুনীয়া হাঁহি।
যাৰ ঠিকনাত মই সকলোৰে আদৰণীয়।
P. BORAH
\শ্ৰীমতী বিপাশা বৰা (বৰ্ষা) যোৰহাট, অসম।

Post a Comment
Post a Comment