Top 10 Assamese Emotional Poem-Assamese Emotional Poetry
Top 10 Assamese Emotional Poem-Assamese Emotional Poetry
Assamese Emotional Poem no 1 মৃত্যু - এক অপ্ৰিয় সত্য
ময়ো এদিন মৃত্যু নামৰ এক অপ্ৰিয় সত্যৰ মুখামুখি হম
হৃৎপিন্ডৰ ধপধপনি, তেজৰ চলাচল বন্ধ হৈ যাব সেইদিনা
তুলসী জোপাৰ তলতে বগা কাপোৰেৰে ঢাকি ৰাখিব মোক
মা-দেউতা, আত্মীয় -স্বজন ৰ কান্দোনত আকাশ বতাহ কপিব
মোৰ প্ৰেমিকেও চিঞৰি চিঞৰি কান্দিব
নিতি- নিয়মৰ মাজেৰে মোৰ সৎকাৰ কৰিব
লগত দিব মোৰ প্ৰিয় সম্পদবোৰ
মাটিৰ লগত মিহলি হম মই
মোৰ মৃত্যুত শোকত ম্ৰিয়মাণ হব সকলো
স্কুল - কলেজ ত শকোসভা পাতিব
বন্ধুবৰ্গৰ fb, WhatsApp দুদিনমানৰ কাৰণে মই অধিকাৰ কৰিম
সকলোৱে গুণ গাব মোৰ
বদঅভ্যাস বোৰো তেতিয়া সদগুণ হৈ পৰিব
দিন বাগৰিব
এমাহ... দুমাহ.... এবছৰ.... দুবছৰ
মা-দেউতাৰ ঘা টুকুৰা কিছু শুকাব
আত্মীয়-স্বজনৰ স্মৃতিৰ পৰা মই মচ খাম
প্ৰেমিকৰ হৃদয়ৰ কোঠালিটোও অইন কোনোবাই অধিকাৰ কৰিব
আৰু মই.........
মই এখন ধূসৰ ফটো হৈ কোনোবা এটি চুকত পৰি ৰ'ম ॥॥॥॥
ভনীতা শৰ্মা
নলবাৰী
Assamese Emotional Kobita No 2 হাঁহি এটা পিন্ধি লৈছো
হাঁহি এটা পিন্ধি লৈছো...
মৰমবোৰ সমাধিস্থ কৰিছো...
আজি আৰু জীৱনক প্ৰশ্ন নকৰো
"ঐ জীৱন কি দিলি"? বুলি
অথবা অনুৰোধ নকৰো
মোক সৰ্বস্ব ঘূৰাই দে বুলি...
খেলখন খেলিলেই যেতিয়া
নিখুত খেলুৱৈ হোৱাৰ ময়ো প্ৰয়াস কৰিছো...
তেওঁ তেওঁ লগা অনুভৱবোৰ
হৃদয়ৰ কুঠৰীত তলাৱদ্ধ কৰিছো...
ঐ শুনানা
কাৰোবাৰ মিছা শপতে হেনো
মৃত্যুৰ চিৰন্তন
ক'তা মইচোন আজিও
একেই আছো....
ভনীতা শৰ্মা
নলবাৰী
Assamese Emotional Poem no 3 তুমি তুমি হৈ নাথাকিলা
তোমাৰ হয়তো মনত নপৰে
তুমি হয়তো পাহৰি পেলাইছা
অতীতৰ সেই সুমধুৰ ক্ষণবোৰ
নদীৰ পাৰত বহি তোমাৰ সৈতে হাঁহিৰে পাৰ কৰা অতীতবোৰ।
তোমাৰ হয়তো মনত নপৰে
তোমাৰ মোৰ সেই অতীতৰ সুমধুৰ ক্ষণ বোৰ
কিয়নো তুমি তুমি হৈ নাথাকিলা
কেতিয়াবা শুনিবলৈ পাওঁ বতাহত ভাহি অহা সেই নৈপৰীয়া সাধু।
তোমাক এতিয়াও বিচাৰি ফুৰো মোৰ হৃদয়ৰ নিভৃত কোণত
তোমাৰ হয়তো মনত নপৰিব পাৰে
কাৰন
তুমি তুমি হৈ নাথাকিলা।
জেউতি দত্ত
টিহু মাখিবাহা

Assamese Blogger
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog
Post a Comment
Post a Comment