Assamese Poem Momotar Sithi By Hem Barua
Assamese Poem Momotar Sithi-By Hem Barua
মৰমৰ --
এয়া মম এডাল জ্বলাই লৈছোঁ। আজি বহু দিনৰ
মূৰত তোমালৈ চিঠি লিখোঁ বুলি । বাহিৰৰ উৰুঙা বতাহজাকে
মমডাল আহি কোবাইছেহি। চাওঁ খিৰিকীখন
জপাই দিওঁ ।
সাত বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত
আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি
মেলিছিলোঁ । মোৰ গাত সেই অচিনাকী নিচা বাৰুকৈয়ে
লাগিছিল।
সিদিনা আছিল কাতিৰ কুৱঁলী সনা এটা কোমল পুৱা !
পদুলিত তলসৰা শেৱালিবোৰ উপচি আছিল। আৰু সন্ধিয়া
মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা, আকাশৰ
মেঘৰ মোহনাত হালধীয়া জোনটো নাওখন হৈ আমাক যে
ৰিঙিয়াই মাতিছিল তাৰ দেশলৈ।
মই লোৱা কঁকালৰ ৰঙা ৰিহাখনলৈ তুমি বাৰু তেনেকৈ
কিয় একেথৰে চাইছিলা ?
মোৰ কেনে লাগিছিল, জানা ? তুমি যেন কোনোবা দূৰ
বিদেশৰ স্বপ্নাতুৰ আলোকৰ মানুহ। আৰু মই? মই যেন
তল সৰা এপাহ শেৱালি।
সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু
আহি পোৱা অলেখ ঢউৰ কঁপনি জাগিছিল। তোমাৰ জানো
এইবোৰ কথা মনত নাই?
আমাৰ দেউতাই যে চিঠিত লিখিছিল : " আই, তই নতুন
ঘৰখনত হাঁহি মাতি থাকিবি। "
এইবোৰ সাত বছৰৰ আগৰ কথা। মোৰ সকলোবোৰ
পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ
বছৰেকীয়া হৈ গ'ল। তোমাৰ বাবুল এতিয়া বৰটো হৈছে।
তাৰ ওপৰ পাৰিত এধানিমান ডালিম-গুটি যেন দাঁত
অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে।
( কেতিয়াবা মোৰ যে ইমান খং উঠে,--
তুমি নাই নহয়, সেই কাৰণে। )
সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তধা লাগি
চাই থাকে কিয়? তাৰ ওপজাৰ পৰা এইযোৰ কাপোৰ
চিনাকি, সেই কাৰণে নহয়? বাবুল এতিয়া বৰটো
হৈছে,বুজিছা? (আৰুডাঙৰ হ'লেইস্কুলত তাক
নাম লগাই দিম । ইস্কুলত থকা সেই সময়খিনি
মোৰ যে বুকুখন তেনেই উদং হৈ থাকিব ভাই ।)
আৰু কি লিখিম ? বিশেষ একো ই। মোৰে শপত,
তুমি যিদিনা উলটি আহিবা, মোক আগতীয়াকৈ জনাবা
দেই। মই ভোগৈয়েদি ভটিয়াই গৈ বুঢ়া লুইতৰ
বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম; তুমি যিদিনা
উলটি আহিবা , মোক আগতীয়াকৈ জনাবলৈ নেপাহৰিবা
দেই। মৰম ল'বা । ইতি --
তোমাৰ
মমতা
পুন: এইবাৰ বুজিছা, মাঘৰ বিহুৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ
জ্বলিছিল । আমাৰ আইতাৰ ক'লী ছাগলীজনীৰ দুটা পোৱালি
জগিছে । এটা শুধ বগা আৰু আনটো পখৰা ।

Assamese Blogger
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog
Post a Comment
Post a Comment