10 Sad Assamese Poem | Emotional poem in Assamese Language

Assamese Poems | Emotional poem in Assamese


10 Sad Assamese Poem | Emotional poem in Assamese Language

Assamese Sad Poem no 1 উভতনিৰ উচুপনি

আজি তেওঁ অতীত

মোৰ হৃদয়ো আজি অসুখীয়া।

তেওঁ যোৱাৰ পৰতে সেমেকা দুচকু, 

আজিও বন্দী মোৰ ভগ্ন আশাবোৰত।

সোৱঁৰণীবোৰে মোৰ চক্ৰবেহু ৰচে,

নোৱাৰি পৰিত্ৰাণ পাব'__

মোৰো মন যায় উভতি নেচাবলৈ, 

কিন্তু অতীত যে তেওঁ আছিল,

মৰহা গোলাপৰ অনুভৱেই সুকীয়া, বৰণহীন স্মৃতিৰ ছায়া।

শ্ৰৱণা ভৰদ্বাজ।

মঙলদৈ,দৰং ।

Assamese sad Poetry No 2

তই যে মোক কৈছিলি, মই তোক বুজি পাওঁ। তোৰ ব্যস্ততাবোৰ মানিও তোৰ লগত আছো। কিয় জান' আমাৰ ভালপোৱাৰ মাজত ব্যস্ততাবোৰো এদিন হাৰিব। তই যে কৈছিলি তোক সন্দেহ নকৰাৰ যুক্তিৰ কথা। তোক সন্দেহ নকৰাৰ মূল কাৰক তোৰ প্ৰতি থকা গভীৰ বিশ্বাস। তই নক'লেও বুজো তোৰ সকলো সমস্যা। তই যে প্ৰশ্ন কৰ প্ৰতি মুহূৰ্তৰ খবৰ ৰাখো সমানে তোৰ যত্ন। এইবোৰ তোৰ প্ৰতি থকা দায়িত্ব আৰু মৰম নিশ্চয়। তই কামৰ বাবে নিজৰ কেতিয়াবা খোৱাৰ সময়ো নাপাৱ। সেয়ে তোৰ খোৱাৰ হিচাপ ৰাখো মই। ইয়াৰ পিছত তোৰ বাবে এটাই শব্দ "ভালপাওঁ" মিষ্টাৰ বৰা। নিসংগতাৰ সুৰীয়া বাঁহীটি তই হৈ থাক।

শ্ৰীমতী বিপাশা বৰা (বৰ্ষা)

যোৰহাট, অসম

Assamese Sad Poetry No 3

ভালপোৱাবোৰ চোন সঁচাই আচৰিত কলিজাটি ফাটি,তেজেৰে কৰাল বান্ধিলে ও তই সুখী হৈ ৰ বুলিয়ে তোৰবাবেই স্তুতি কৰি ৰয় । নহ'লে জানো বিৰহ প্রিয়া ৰাধাজনী আজি ও সকলোৰে হৃদয়ত অক্ষত হয় ৰয় ???অপ্রাপ্তিৰ জুইত স্বপ্নবোৰ দাহ দিব পৰাকে আমিবোৰচোন ইমানো উদাৰ হব পৰা নাই। ৰাধা-কৃষ্ণ হব  নোৱাৰো আমি ,ক্লিঅ'পেট্রা হোৱা তুমি এন্টনী হৈ ৰম মই । অ' স্বপ্নবোৰ সমাধি দি কবৰ সাজিব নোৱাৰো মই😒

উপাসনা বৰা (শিৱসাগৰ)

Assamese Poetry | Emotional Assamese Poem no 4 অপেক্ষা 

প্ৰতিদিনেই মাথো ৰৈ থাকো তোমালৈ  

বিশ্বাসৰ সমন্বয়ত খোল খাইছিল হৃদয়ৰ দুৱাৰ তোমালৈ

এন্ধাৰ আতৰি নমাইছিল জোনাকৰ বৰষুণ  

সময়ে নামানে আমাৰ অকনমান সূখ  তাৰ চিন ৰূপে কৰিলে তোমাক মোৰ পৰা দূৰ  

হেৰুৱাই পেলাইছো তোমাৰ মৰমৰ সুৰ  

হৈ উঠিছো তোমাৰ মহান  শত্ৰু   

নোহোৱা হ'ল তোমাৰ জীৱনত মূল্য মোৰ  

তথাপিও ৰৈ আছো মাথো তোমাৰ অপেক্ষাত   

- দিক্ষিতা শৰ্মা ভৰদ্বাজ  ঠিকনা- দেওমৰনৈ(দৰং)

বিষাদ Sad Assamese Poem 5

সচাকৈয়ে বিষাদ, মানুহৰ জীৱন ব‍্যৰ্থতাৰে ভৰা

প্ৰতিটো নিৰাষাই মূহুৰ্তবোৰ সলনি কৰে

য'ত থাকে অশ্ৰু,নামি আহে অমানিশা

প্ৰতিটো হুমনিয়াই মাতি আনে মৌনতা

এতিয়া মই সচাকৈয়ে ভাগৰুৱা

জীৱন যুদ্ধত মাথো অকলশৰীয়া

প্ৰতিটো পথই যেন অনুভৱ হয় কাইটীয়া

উপায়হীন জীৱন নাই কোনো সহযোগিতা

সলনি কৰিম এই সময়,উফৰিব ব‍্যৰ্থতা

নিজৰ কৰ্মত বিশ্বাসেৰে আনিম আধুনিকতা।


জেউতি দও 

টিহু মাখিবাহা

Sad Assamese Poem 6

নিৰৱ নিশাটি আকৌ আহিছে এগালমান সোৱঁৰণী লৈ,

অমানিশাৰ জোনটিও অলস তন্দ্ৰাৰত অ'তদিনৰ অৱসৰত,

আৰু মইও স্মৃতিৰ পৰশত বিহ্বলা ললনা হৈ পৰিছো।

এই নৈশতাবশত: তুমিতো গভীৰ নিদ্ৰাৰাগত ৰঞ্জিত মোৰ ক্লান্ত প্ৰেমপথিক।

সন্তৰ্পনে জিৰাইছাহি মোৰ দুচকুত এবুকু স্মৃতিৰ আচঁল ধৰি।

আজিৰ প্ৰেমালাপ কাইলৈ এটি ভাবুক স্মৃতিৰ এখিলা মাথোঁ।

সোৱঁৰণীৰ ছায়াৰ মাজত বাকৰুদ্ধ হৈ বিচাৰি ৰওঁ মোৰ অতীতৰ আকাঙ্খাবোৰ...

ভৱিষ্যতৰ স্বপ্নাংশবোৰ।


নাম__ শ্ৰৱণা ভৰদ্বাজ।

ঘৰ__ মঙলদৈ,দৰং ।

জীৱনৰ অন্তিম যাত্ৰা Sad Assamese Poem 7

এদিন আতৰি যামগৈ চিৰদিনৰ বাবে

পৰি ৰ'ব কেৱল স্মৃতিবোৰ।

আত্মীয় সকলে টুকিব চকুলো 

নিথৰ হৈ পৰিব মোৰ নশ্বৰ শৰীৰটো।

সেইদিনাই অন্ত পৰিব মোৰ জীৱনৰ

কঠোৰ পৰিক্ৰমাৰ শুপ্ত অধ্যায়।

জীৱনে চাগে সেইদিনা অনুভৱ কৰিব

মোৰ ধৈৰ্য্যশক্তিৰ পৰিসীমা।

আৰু দুখবোৰে কিৰিলী পাৰি হাহিঁব

জীৱনৰ আগত মৰনৰ সফলতা দেখি।

হয়তো জীৱনৰ সুখবোৰে 

প্ৰথমবাৰৰ বাবে উচুপি উঠিব

মোৰ জীৱন যুদ্ধৰ পৰিসমাপ্তিত।

আৰু মোৰ ভাগৰুৱা আত্মাই 

চিৰদিনৰ বাবে আকোৱালি ল'ব 

মনৰ আকাংক্ষিত শান্তি।

                      

জেনিফাৰ চিৰিণ  ইছলাম

দৰং (ছিপাঝাৰ)

তোমালৈ বুলি Assamese Sad Poem 8 

কেতিয়াবা ভয় হয়
জানোচা.....
ধৰা পৰে 
তোমাৰ ওচৰত
ইম'জিৰ আঁৰৰ অনুভৱবোৰ...
পাঁখি গজা আশাবোৰৰ তোমাৰ মাজত বিলীন হোৱা বৃথা চেষ্টা....
 নীৰৱতাৰ পিঞ্জৰাত বন্দী মোৰ মৰমবোৰৰ আসুৰিকতা....
 
 নাইবা
 
হাঁহিৰ প্ৰলেপ সনা 
তুমিবিহীন হৃদয়ৰ  ব্যথা 
  
●কুলজিৎ বৰ্মন, বাক্সা জিলা

তেওঁ হেৰাই গ'ল জোনাকীৰ বাটত Sad Assamese Poem 9


এপলক স্তব্ধ হৈ পৰিছিলো সময়খিনিত 
জলমলাই উঠিছিল মোৰ দুচকুত কেৱল অস্বাচ্ছন্দ্যতাৰ কোলাহল।
অস্তগিৰিৰ হেঙুলী আভৰণত ডুব গৈছিল মূহূৰ্তবোৰ 
ক্ৰমশঃ তামিশ্রৰ দিশে.... 
এতিয়া বেইমানী হৃদয়খন অৱগাহ্ন 
দুখৰ অগ্নিকুণ্ডত, 
চাৰিওফালে কেৱল আত্মগ্লানিৰ ফিৰিঙতি। 
সাগৰখনো ক্ৰমাত্ নিস্তৰঙ্গ হৈ পৰিছে ,
জোৱাৰ বোৰ ক্লান্ত এতিয়া জোনাকৰ মজিয়াত। 
আন্ধাৰে আৱৰা জোনটোৱেও মেলিছে আত্মনিষ্ঠাৰ পাঠ ,
জোনাকৰ নদীত সাতোৰা হেঁপাহ হেৰাই গ'ল জোনাকীৰ বাটত, 
পাছে পাছে তেওঁ....। 
জিনামণি ফুকন 
ডিব্ৰুগড়
প্রেমিক হোৱাৰ আগেয়ে শ্রেষ্ঠ বন্ধু হোৱা তুমি🍁

প্রেমিক হোৱাৰ আগেয়ে শ্রেষ্ঠ বন্ধু হোৱা তুমি,
মনৰ অৱস্থা নোকোৱাকৈয়ে বুজি পোৱা যেন তুমি ,
প্রতিটো ভুল-শুদ্ধ শুধৰাই লগতে বাট লোৱা যেন তুমি, 
মোৰ প্রতিটো ভাল-বেয়া সময়ত সাহস হৈ কাষত ৰোৱা যেন তুমি 
দেউতাৰ দৰে শাসন, 
মাৰ দৰে মৰম কৰা যেন তুমি,
অ' শ্রেষ্ঠ প্রেমিক হোৱাৰ আগেয়ে
শ্রেষ্ঠ বন্ধু  হোৱা তুমি
প্রেমৰ নাম নিদিলেও একো নাই, 
ভালপাওঁ  বুলি নকলেও হব 
শেষ  উশাহটো লৈকে হাত নেৰো বুলি কথা দিয়া আজি ,
শ্রেষ্ঠ প্রেমিক হোৱাৰ আগেয়ে শ্রেষ্ঠ বন্ধু  হোৱা তুমি ।
 
-উপাসনা বৰা (শিৱসাগৰ)

কেঁচা অনুভৱবোৰ Sad Assamese Poem 10

হয়, 
উত্তৰ নোহোৱা প্রশ্ন কিছুমান লৈ 
হাবাথুৰি খাই ফুৰা জনীয়ে মই । 
বুজিব  নিবিচৰা জনকেই বাৰে বাৰে  
বুজাব চেষ্টা কৰা জনীয়ে মই । 
নুবুজে তেওঁ, আকোঁৰগুজ 
অভিমান নহয় সেয়া নহয় আন কিম্বা ও
নাজানো কি ? 
কষ্ট কিন্তু মোৰেই হয় বাৰে বাৰে 
খং নকৰো মই কেতিয়াও মোৰেই শপত ।
নিবিচাৰো বহুত সময় ,
নালাগে পাতিব ঘন্টা ঘন্টা ধৰি কথা 
মাত্র ব্যস্ততাৰ মাজতো তোৰ এষাৰ মাত শুনা,
অ'  তাতেই সন্তুষ্ট মই । 
নালাগে মোক  কভাৰ পিকত 
মাইন বুলি কেপচন দি চিনাকি দিব 
 মাত্র কোনোবাই সুধিলে  কবি, 
"পাগলী এজনী আছে মোৰ  জীৱনত "
ফেচবুকৰ কভাৰ পিক্ নহলেও 
চিৰদিনৰ বাবে  হৃদয়খনত প্রফাইল পিক্ হৈ ৷

উপাসনা বৰা (শিৱসাগৰ)

Also Read

Post a Comment