Top 10 Assamese Poem on Mother- Axomiya Kobita | Assamese Poem Collection

Assamese Mother Poem | Poem In Assamese about mother

Top 10 Assamese Poem on Mother- Axomiya Kobita | Assamese Poem Collection

মা অসমীয়া কবিতা Assamese poetry On Mother No 1

মা ক'ত গুচি গলি তই
দেউতা তইয়ো নাভাবিলি নে 
এবাৰো মোৰ কথা ?
কিয় এনেকৈ অকলশৰীয়া কৰিলি মোক কিহঁত ইমান অভিমান তহঁতৰ ?
চা চোন আজি মই
কেনেদৰে পাৰ কৰিছো দিনবোৰ
সকলোৰে চকুত মই বোজা হৈ পৰিছো
নোৱাৰো আৰু সহিব মই
মোক লৈ যা তহঁতৰ সেই অজান দেশলৈ
তেতিয়া অন্ততঃ এই যন্ত্ৰণাৰ পৰা মুক্তি পাম ।

এতিয়া বুজিছো মই
কিয় হাস্পাতালৰ পৰা মোক ঘৰলৈ যাব কৈছিলি
বুজিছো, কিয় কৈছিলি-
আমাৰ লগত আৰু কিমান কষ্ট পবি, যা ঘৰলৈ যা বুলি
মোক অকলে থকাৰ অভ্যাস কৰিছিলি নʼ ? 
এতিয়া আকাশলৈ চাই তৰাবোৰ বৰ উজ্জ্বল দেখো
তহঁতো আছানে বাৰু তাত..
কিমান কান্দিছো, কিমান মতিছো তোক মা
কিয় বাৰু নুশুন ?
আৰু কিমান সহ্য কৰিম মাঁ ?
মোক লৈ যা
মোক লৈ যা অ' মা
তহঁতে এৰি যোৱাৰ পাছৰে পৰা কি হৈছিল খবৰ ৰাখিছ ?

লভিতা শৰ্মা

Assamese Poem on Mother মা অসমীয়া কবিতা 


মা 
তোৰ বাবে লিখিবলৈ মই অপৰাগ...
শব্দবোৰ ম্লান হৈ ৰয় তোৰ ওচৰত..
কি লিখিম.. কি লিখিলে তোৰ মহানতা ফুটাই তুলিম
উহু বিচাৰি পোৱা নাই..
ভালপাও তোক বহুত
প্ৰকাশ কৰিবলৈ মই অসমৰ্থ 
কেইটামান লাইন কিম্বা এমুঠি শব্দ
অসম্ভৱ তোক সজাবলৈ...
তথাপিও কৈ যাও
প্ৰশ্নবোধক
তোৰ মহানতা...

মা তই মাতৃ হবলৈ ক'ত শিকিছিলি?
আইতা.. আজোআইতা নে অইন কোনোবা?
মই জনাত টো মাতৃত্বৰ কোনো ডিগ্ৰি নাই..
তাৰপিছতো তই সুনিপুণ কেনেকে হব পাৰিলি?
সংসাৰৰ জোৰা টাপলি মাৰি
মোক কেনেকৈ আগুৱাই নিলি?
মা তই সচাই মহান...

সৰু আছিলো তেতিয়া 
পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈ
তোৰ হেজাৰ কামৰ মাজতো
বাৰে বাৰে অশান্তি কৰিছিলো..
যৌথ পৰিয়াল.. অক্লান্ত পৰিশ্ৰম
তাৰ মাজতো মোৰ কান্দোন
তথাপিও তোৰ দুচকুত দেখা নাছিলো ভাগৰৰ আলেশ?
কেনেকে মা?
তই সচাই মহান..

কাৰোবাৰ ঘৰত যেতিয়া তই যাৱ
ভাল বস্তু মোলৈ হাতৰ মুঠাতে আন'
মোক এৰি তই নু কোন সতেৰে খাৱ?
তথাপিও মা তোৰ মন নাযায়নে 
তোৰ প্ৰিয় বস্তুটো খাবলৈ?
ক'তা মই চোন আজিলৈ নুশুনিলো
"এইটো খায় মই ভালপাও বুলি" 
তই নিজমুখে কোৱা?
নে তোৰ ভালপোৱা ভাললগা বুলি অনুভূতিয়ে নাই?
তই সচাই মহান মা...


ডাঙৰ হলো এতিয়া মই...
কৰবাত ওলাই গলে
এতিয়াও যে সকীয়াই দিয়
"যাওতে ভালকে যাবি.. বাওহাতেৰে যাবি ৰাস্তাৰ"
কেনেকৈ মানে কেনেকৈ?
কেনেকৈ তই ইমান যত্ন লব পাৰ?
মা ও তই সচাই মহান...

তই টো নিজে হাইস্কুলৰ দেওনা পাৰ হোৱা নাছিলি?
তেন্তে কেনেকৈ মোক এতিয়াও ভুল দেখাই দিয়?
কেনেকৈ মোক এতিয়াও টান বিষয়টো শিকাই দিব পাৰ?
উঃফ তই সচাই মহান...

ঘৰত থকা সময়খিনিত মই যেতিয়া মবাইলটোতত বিজি হৈ যাও
বন্ধুবৰ্গৰ লগত কথা পাতি থাকো
তই যে মোৰ কাষত মোৰ লগত কথা পাতিব আহ
আৰু মই মবাইলটু নেৰো
তাৰপিছতো তই কেনেকে হৃদয়ৰ বেথা লৈ মুখৰ হাঁহি টো নুগুচোৱা কে থাক?
সচাকৈ তই মহান মা..

ৰাতিপুৱা ৯ বজালৈ শুই থকা মইজনীক
যেতিয়া তই জগাবলৈ ফেন খন বন্ধ কৰি দিয়
তাৰপিছতো মোৰ গেঙেৰি শুনি
কেনেকৈ তই খং নকৰাকে আতৰি যাব পাৰ?
উঃফ মা....

দিনটোৰ কৰ্মব্যস্তাৰ পিছত
ৰাতি শুৱোতে যেতিয়া তই বিষত কেকাই থাক'
তথাপিও মোক কিয় এবাৰ মালিচ কৰি দিবলৈ নকৱ?
নিজৰ দেহত কষ্ট লৈ থাকিও
কেনেকৈ মাজৰাতি উঠি মোৰ বেমাৰত শুশ্ৰুষা কৰ'?
তই সচাই মহান মা...

যেতিয়া অইনে তোক হাঁহে লৰা নথকা বাবে
কেনেকৈ তই চকুলো সামৰি হাঁহি দিব পাৰ'?
কেনেকৈ তই হাঁহি হাঁহি উত্তৰ দিব পাৰ'- "মোৰ ছোৱালীয়ে মোক লৰাতকৈ সুখত ৰাখিছে"..
ক'তা মইটো তোক সুখ দিব পৰা নাই..
তোৰ ৰুগীয়া দেহটোৰ মই যত্ন লব পৰা নাই..
তই বিচৰা ধৰণে মই সফল হব পৰা নাই
frnd circle ৰ পৰা আতৰি তোক সময় দিয়া নাই..
তই দিয়া ভালৰ উপদেশ মই শুনা নাই
তোক গেঙেৰি মাৰি উত্তৰ দিয়া স্বভাৱ মই এৰা নাই..
তাৰপিছতো কেনেকে মা কেনেকে?
তই সচাই মহান মা 
তই সচাই মহান..
মাতৃ শব্দৰ বহল অৰ্থ তোৰ বাবেই সাজিছিল চাগে..
মা তই মমতাময়ী
তই ত্যাগী
তোৰ আদৰ্শৰে সংস্কাৰিত আমি বাই ভনী..
কথা দিলো মই তোক
তোৰ মহানতাৰ অাত ধৰি
গৌৰৱৰ শিখৰত 
অামাৰ বাবেই আৰোহিত হবি এদিন...



ভনীতা শৰ্মা

Also Read

Post a Comment