11 Best Assamese Poem | Best Assamese Poem 2021
Top New Assamese Poem | Best Assamese Poem 2021
আঘোণৰ ধাননি
কুঁৱলীৰ মুখ ঢাকি সোণোৱালী
ৰূপ লৈ তুমি এতিয়া লাজুকী লখিমী।
পুৱাৰ ৰদালিৰ আলসুৱা কুঁৱলীত
খহি পৰে তোমাৰ নিমজ ওৰনি।
ঘৰৰ পদূলি তেতিয়া উদুলি মুদুলি,
পোহৰ নৌহওতেই ভাগে তোমাৰ টোপনি।
লিহিৰি হাতৰ কেৰেপ কেৰেপ শব্দ।
হাতৰ মুঠিত নাচে কাঁচিৰ চিকমিকনি।
গাভৰু হতৰ খিলখিলিয়া হাঁহিত
ঢৌ খেলি নাচে সোণগুটি ধাননি।
আইৰ খোজৰ ছেৱত নাচিব
লিচিক পিচিক লাজুকী লখিমী।
প্ৰশান্তৰ বা লগা চাৱনিত
নাচি থাকা তুমি আই লখিমী।।।
প্ৰাঞ্জল শইকীয়া
জিলা-লখিমপুৰ
অনুভৱৰ ৰাতিপুৱা
প্ৰতিটো পুৱাই কঢ়িয়াই আনে
সম্ভাৱনাৰে ভৰপূৰ পোহৰ উৎসৱ।
বিশ্বাসৰ হেতু চলি থাকে
সময়ৰ নিৰ্ভেজাল হিচাপ।
কল্পনাৰে পৰিপূৰ্ণ কৰি তোলা
হেঁপাহৰ চোতাল পদূলি
ধূলি ধুমুহাই কৰি তোলে
ধূসৰিত গধূলি।
অহা বাটে উভতি গল জাকৰুৱা গৰু
আন্ধাৰ নামি আহিবৰ হল
সপোন শেষৰ এটি দুখৰ অৱসাদ।
কিমান যে ভাবৰ বুৰবুৰনি
উকা উকা নিশাৰ বিষাদ
প্ৰতিটো পুৱাই কঢ়িয়াই আনে
সম্ভাৱনাৰ ভৰপূৰ হেঁপাহ
আৰু চলি থাকে জীৱন যুঁজৰ
এটি উপাদানৰ দৰে।
প্ৰাঞ্জল শইকীয়া
জিলা-লখিমপুৰ
প্ৰেমৰ দস্তাৱেজ
কটন কলেজৰ সেই মায়াময় সন্ধিয়া
তলসৰা বকুল ফুল গচকি
সোমাইছিলা মোৰ হৃদয়ৰ দুৱাৰডলিত ।
আজিও সজীৱ হৈ চকুত ভাহি উঠে
কেণ্টিনৰ বাৰান্ডাৰ সেই মিচিকিয়া হাঁহিটো
মনত পৰিলে আজিও লাজত ৰঙা পৰি উঠো জানা
লগৰবোৰে জোকোৱা দিনটোৰ কথা ।
তোমাৰ কবিতা কবিতা লগা চকুহালতে
বিচাৰি পাইছিলো তুমি কʼব খোজা
সকলো কথা ।
নাজানো কিয় বা ? লগ পালেইচোন মোৰ
কথা প্ৰকাশৰ সকলো মাধ্যমেই
ৰুব্ধ হৈ পৰে ।।
নেলাগে একো ক'বলে তুমিও
এনেকৈয়ে পাৰ হৈ যাব দিয়ানা দিনবোৰ...
মাজৰাতি কথা পাতিম দুয়ো
জোনাকৰ বৰষুণত তিতি-বুৰি
আকাশৰ সৰু তৰা গনি গনি
হেৰাই যাবলৈ নিদিবা আমাৰ এই
সপোনৰ দিনবোৰ...
ভয় লাগে দিনবোৰৰ লগতে তুমিও
হেৰাই যাবা নেকি বুলি ।।
বহুদিন ধৰি হাঁহিবলৈ পাহৰি গৈছিলো জানা
তুমি আহি কিবা ৰং দিলা
নতুনকৈ যেনে হাঁহিবলৈ শিকিছো ।
জীৱনটোও যাপন কৰিব লৈছো
সপোন ভাঙি যাব নিদিবা
অভিমানৰ কেঁকুৰিত আমাৰ
মৰম বোৰ সজীৱ হৈ থাকিব দিয়া ।।
অভিজিৎ হালৈ
বৰপেটা জিলা
এজাক প্ৰেমৰ বৰষুণ
নিজান সন্ধিয়া
শেৱালি সুগন্ধি
চোৱা মই ৰুক্ষ কঠিনতাক
কোমল কৰা
এজাক প্ৰেমৰ বৰষুণ ।
যʼত নিজকে জগাই তুলিম
জগাই তুলিম এক নতুন
দিগন্তৰ চানেকিৰে
তিতি বুৰি তুমি আৰু মই
এজাক প্ৰেমৰ বৰষুণত ।
অভিজিৎ
বৰপেটা জিলা
প্ৰেমৰ বৰষুণ
কিনকিনিয়া বৰষুণজাকে
আউলি বাউলি হৈ থকা চুলিটাৰি
তিতাই পেলালে, তোমাৰ অনুভৱৰ শব্দবোৰ
একেথৰে চাই থাকোতে।
তাতেই যেন বিচাৰি পালো!!
তোমাৰ মোৰ মৰমৰ
সেই মধুৰ ক্ষণৰ!!
অবিৰত প্ৰেমৰ সংজ্ঞা!!
আৰু দুচকুৰে ভাহি অহা মোৰ সুখৰ চকুপানীখিনি!!
তাতেই সুখী হৈ যাওঁ মই,
প্ৰেমৰ বৰষুণজাকত তিতি-তিতি!!
আৰু টুপ টুপ কৈ সৰি পৰে
এজাক প্ৰেমৰ বৰষুণ
বৰ্ণালী মিমু ডেকা
জিলা: নলবাৰী
অপেক্ষা
এটি সপোন আছিল, তোমাক লৈ!!
বুকুৰ মাজত গোপনে ৰাখিম
মিঠা মিঠা অনুভুতিবোৰ।
কিন্তু
মই অনুভৱ কৰিছিলো যেন তোমাক মই,
সদায়ৰ বাবে হেৰুৱাই পেলাম!!
তথাপিওঁ মোৰ হৃদয়খন
শান্ত হোৱা নাছিল।
তোমাক পোৱাৰ হেপাহত মই যেন
পাহৰি গৈছো,দুখৰ চকুলো টুকিবলৈ!!
মাথো ৰৈ আছোঁ তোমাৰ অপেক্ষাত!!
বৰ্ণালী মিমু ডেকা
জিলা:নলবাৰী
সপোন
হোষ্টেলৰ বিচনাত শুই শুই
দেখিছিলো
জীৱনৰ এক নৱ প্ৰভাত,
এক নতুন যুগ..
বহু দিন ধৰি হাঁহিব পাহৰি গৈছিলো জানা..
আজি তোমাৰ আগমনে
দিছে এমুঠি হাঁহিৰ খোৰাক
এক নতুন দিগন্তৰ চানেকি ।
আজি অত সংগ্ৰামৰ মাজতো
তোমাৰ বাবেই হাহিব শিকিছো ...।
তোমাৰ বাবেই শিকিছো
সপোন দেখিব...
যত থাকিব এটি মৰমৰ সৰু পজা
আৰু তুমি ময়েই মিলি
এটি সৰু পৰিয়াল...
তোমাৰ সৰু সৰু কথাৰ অভিমানবোৰত
মই পাও এমুঠি সান্তনা..
মাত্ৰ এটা কথাই কওঁ তোমাক
খং নকৰিবা মোৰ সোণজনী
তুমি খং কৰিলে
দুখত জৰ্জৰিত মোৰ হৃদয়খন
বৰফ হৈ গলি যাব খোজে..।
শেষত আৰু এটা কথা কওঁ শুনা কাণে কাণে...(...............)
অভিজিৎ
বৰপেটা জিলা
অশ্ৰুসিক্ত চকুলোৰে তোৰ পৰা বিদায় মাগিলোঁ বন্ধু
তোক লগ পোৱা আজি প্ৰায় এবছৰেই হল
যদিও খুব কম সময়
তই মোৰ বৰ আপোন অ'....
মোৰ প্ৰিয় বন্ধু তই
তোৰ সুখ দুখ সকলোতে
মই তোৰ সমভাগী হওঁ
মনত আছে ন' তোৰ
তোৰ প্ৰতিটো কথাই মই নিৰুত্তৰে শুনো
তোৰ কোনোতো কথাই আওকান নকৰো
কিন্তু,তইটো জানো কোনোৱাতো
কথাত গুৰুত্ব দিয় ;
মোৰ অাবেগ অনুভৱবোৰক জানো
মৰ্যদা দিয় !
তইতো তোৰ জীৱন লগৰী জনীক পাই
মোক পাহৰি পেলাইছিলি
হা ! হা !
সেয়াই চাগে তোৰ দৃষ্টিত প্ৰকৃত বন্ধুত্ব
সেয় মূহূৰ্তত মোৰ দুখ লাগিছিল
তাৰ উমানো তই নাপাঅ'
তথাপিও সকলো পাহৰি আকৌ
সহজ হৈ পৰিছিলো মই
তই এনে ভূল দুনাই নকৰ বুলি
কিন্তু সহ্যৰটো এটা সীমা থাকে অ'
আৰু নোৱাৰোঁ মই,
তই তোৰ পথত ৰ'
মই মোৰ পথত ৰ'ম
মাত্ৰ মোৰ মৃত্যুৰ দিনা এবাৰ আহিবি
বগা কাপোৰ খন আঁতৰাই
মোৰ মুখখন চাই যাবিহি
শেষবাৰৰ বাবে
কিন্তু, তই নকান্দিবি কাৰণ সেই সময়ত
তোৰ চকুৰ চকুপানী মচি দিবলৈ
মই তোৰ নাথাকিম অ'.....
জীৱন পথত সুখী হ তই...তাৰেই কামনাৰে
ইতি তোৰ ফুছিজনী
✍️ নাজনীন চুলতানা
বোকাখাত
অনুভৱবোৰ আপোনাৰ নামতে
কেতিয়াবা ৰাতি চকুহাল থৰ হৈ ৰয়; কোনোবা এটা
অচিন বিন্দুত ,
আন্ধাৰৰ মাজতে বিচাৰি ফুৰে আপোনাৰ ছবিখন ৷
মাজ ৰাতি অনুভৱ হয় ; মই যেন আপোনাৰ অবিহনে দুৰ্বল হৈ পৰিছো প্ৰতি প’ল ৷
আপোনাৰ অৱহেলাই মোক সাহস দিয়ে ,আপুনিতো নাজানে !
যুজ দি যাবৰ বাবে শিকি গৈছো ,আপোনাৰ প্ৰতি থকা মৰমবোৰৰ বাবেই ৷
কেতিয়াবা মদৰ নিচাত কৈ দিব মন যায় সকলো,
কৈ দিব মন যায় ; আপুনি নিজক লৈ অহংকাৰ কৰে ,
নোৱাৰো পিছে, ভালপোৱা যে আছে ,
লাগিলে চাই ৰ’ম এনেদৰে,
তথাপিও চকুৰ আগতে বিচাৰো সদায়ে ,
আপুনি কাষৰে পাৰহৈ গ’লে
নিবেদন কৰিবলৈ মন যায় ভালপোৱাবোৰ ৷
কিন্তু
আকৌ এটা অৱহেলাৰ হাঁহি চাবলৈ প্ৰস্তুত নহয় মই,
থমকি যায় খোজ ,
মৌনতাৰ ৰূপ লয় শব্দবোৰে ৷
হুমুনিয়াহটোৱে ধিক্কাৰ দি যায়
লাজকুৰীয়া মনতো ৷
তথাপিও পিছে অনুভৱবোৰ আপোনাৰ নামতেই
ৰাতিপুৱাৰ পৰা ৰাতিলৈ ……… ৷৷
ইশান চাংমাই
জিলা - লখিমপুৰ
প্ৰয়োজন
ৰাতি তৰা লিখিবলৈ মোৰ প্ৰয়োজন নাথাকে,
তোমাৰ মৰমে মোক ৰাতিও পোহৰাই ৰাখে।
তোমাৰ অনুভৱৰ কবিতা লিখাতেই মই ব্যস্ত..
তোমাৰ চুলি দীঘল নহ'লেও নাই,
তোমাৰ গাল টোল পৰা নহ'লেও নাই...
প্ৰয়োজনীয় নহয় সেইবোৰ...
প্ৰয়োজন মাত্ৰ তুমি..
তোমাৰ সেওঁতাৰ বাট ৰঙা হোৱাটো প্ৰয়োজন...
তোমাৰ খোজত খোজ মিলোৱাটো প্ৰয়োজন,
মোক তোমাৰ প্ৰয়োজন।
অনুপ হাজৰিকা, মৰিগাঁও

Assamese Blogger
Online Content Creator, Passionate Blogger. I like to read and learn new things. Visit My Blog
Post a Comment
Post a Comment